পুখুৰী – মহিম বৰা

মহিম বৰা৷৷ ১৯২৬-
        পুখুৰী
শেষজাক বৰষুণ এইমাত্ৰ শেষ হৈ গ’ল,
এতিয়া আবেলি,
স্নিগ্ধ-দেহ বননিত চিটিকি জলিল
নীলা সেউজীয়া ফুল-জাৰিঃ উজ্জ্বল, শ্যামল!

        [বন্ধ হ’ল মাদলৰ হাত,
         চাঁওতালী নাচোনৰ জাক
         হাঁহি হাঁহি চিটিকি পৰিল
         পুখুৰীৰ চাৰিও পাৰত;
                শ্যামল, উজ্জ্বল!!]
         মুগ্ধ মোৰ ভৰি!
         বিস্তীৰ্ণ সন্মুখ জুৰি পাৰে পাৰে ভৰি ৰ’ল
         চপ্ চপ্ এটি পুখুৰি৷
         পলৰীয়া এচেৰেঙা ৰ,দৰ ভৰত
         দেহা টলবল,
         স্থিতিৰ-মুক্তিৰ সীমা টলমল,
         চপ্ চপ্ পাৰ-ভৰা এটি  পুখুৰী;
         অলস মন্থৰ দেহ, অশান্ত উদ্বেল প্ৰাণ
         প্ৰতীক্ষা-বিহ্বল…..
         জীৱনৰ স্তৰে স্তৰে পোৰা কয়লাৰ খাদ
         নতুন মৃত্যুৰ গোন্ধ প্ৰতি উশাহত,
         কোন এক
         অভিশপ্ত শাম্বৰ গৰ্ভেৰে
         গৰ্ভৱতী পৃথিৱী আমাৰ!

         সেয়েহে ব্যাকুল আমি
         বাট চাই তোমাৰ উত্তৰ
         চিকোণ শ্যামল এটি তোমাৰ উত্তৰ৷

Leave a Reply