ক্ৰমশঃ – নৱকান্ত বৰুৱা

নৱকান্ত বৰুৱা৷৷ ১৯২৬-

        ক্ৰমশঃ
এটা সাধুকথা

এইখন দেশ আমি চিনি পাঁও
ইয়াৰে ৰজাৰে, বাঁৰী-কোঁৱৰৰ সাধুকথা
আমি যুগ যুগ ধৰি
নতুন গঢ়েৰে গঢ়িছো৷
তেজিমলা মৰি ভোগজৰা হয়
ৰাজকোঁৱৰৰ সোণৰ কাঠিত
পাতালপুৰীৰ ৰাজকুঁৱৰীৰ টোপনি ভাগে….
ওপৰত কাৰ পাখিৰ শব্দ…কলৰ ড্ৰেগন….
তাঁতৰ শালত চিলনীৰ জী চঁক খাই উঠে
মাথোঁ চঁক খাওঁ….
জানিছিলো জানো এইখন মৰা দেশ?

এয়া নৈৰ পাৰ
সাউদৰ ডিঙা বেহা লই অবোধ কেতেকী হয়
এলাগী ৰাণীৰ চকু-পানী সৰে
ডাইনী বুঢ়ীৰ হাতত কিমান ৰজাৰ পুতেক মৰে….

এয়ে নৈৰ পাৰ
শামুকৰ খোলা ৰ’দত জিলিকি চকুত পিয়াহ লগায়
পানী ক’ত, পানী?
ক’ত সেউজীয়া পাৰৰ ধাননি?
কাগজৰ পোকে খাই গ’লনেকি কবিতাৰ সেই ৰং?
লুইত শুকান-লুইতত পানী নাই
পাটকুঁৱাবোৰ পাতালৰ বিহ অহা বাট৷
এটোপা পানী?
বিলৰ শুকান বোকাৰ মাজত
শুকান নাছৰ কাঁইটত লাগি ওলায় আমাৰ লুণীয়া তেজ
পানী ক’ত? পানী?
পাতালৰ পানী-আকাশৰ পানী?
নগা পাহাৰৰ টিঙৰ সিপাৰে মেঘ জানো সেয়া?
চিয়াঁহীৰে ক’লা ব্লটিং কাগজ!
পানী ক’ত? পানী নাই৷
চাকিনা, তোমাৰ জিভাৰ ৰসেৰে কিমান জীয়াই ৰাখিবা
ইতিহাস জোৰা কাৰবালা মৰু-প্ৰান্তৰ-
তেজঘড়ীটোৰ ৰঙা তেজবোৰ পৰি পৰি শেষ হ’ল৷
লীলাৰ ডিঙিৰ মণি সৰি পৰি
বীজগণিতৰ সৃষ্টি হয়৷
কিন্তু সময়?
নৰয়৷

কমলা কুঁৱৰী, কমলা কুঁৱৰী
জল-কোঁৱৰৰ সপোন মিছানে?
পানী ক’ত
পানী কিমান হ’ল?
সৰ্গদেউ নাই-সময়োযে নাই-আমাকেই কোৱাঁ
পানীবা কিমান হ’ল৷
কমলা কুঁৱৰী বুৰি গ’ল৷
কমলা কুঁৱৰী বুৰি গ’ল আৰু
ইতিহাস জুৰি পৰি ৰ’ল মাথোঁ
শুকান হাড়ৰ
সিজু কাঁইটৰ দেশ
মৰা পৃথিৱীৰ দেহ!
সাউদৰ নাও তথাপি চলিছে
সাউদৰ নাও খৰাং মাটিতো চলে;
পানীৰ পিয়াহ সাউদৰ নাই-মাথোন সোণৰ পিয়াহ৷
পানী দিম বুলি আমাৰ চ’ৰাতে
গাঁত খানি খানি সোণ বিচাৰোঁতে
সাউদ কেৱল পালে
হেজাৰ হেজাৰ ফুল কোঁৱৰৰ, মণি কোঁৱৰৰ
লাওখোলা আৰু জঁকা….

আমি তাত এটা পুৰণি সাধুকে শুনো
শুকান বালিত শুকান বোকাত সিহঁতে উচুপি কান্দেঃ
        ‘আছিলো ৰজাৰ পুতাই
        তপত বালিত পৰি কান্দো আজি
আৰু বা কি বিলৈ
        আৰু কি বিলৈ
        কিহৰ বিলই?
আমি জানো কি বেদনা
অসংখ্যৰ মৃত্যুৰ সেতু
তাৰ ওপৰেদি
জীৱনৰ সৰীসৃপ আহিছে বগাই-
আৰু কি বিলই আছে
কোনে ক’ব
এই এটা সাধু আজিওতো শেষ হোৱা নাই৷
Checked by Prasanta Borah.

Leave a Reply