পথাৰ

-ৰাম গগৈ

শাওনৰ মেঘ মক্ত নীলাকাশ |
সূৰ্য্যস্নাত ক্লদদময় হে বিশাল পথাৰ বিপুলসম্ভৱা !
নাঙলৰ সিৰলুত সোণফলা মাটিৰ কামনা
ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা |

কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ
তুমি প্ৰাণময়, মোহময় জীৱন-মালিকা | পথাৰ !
তোমাৰে স্বীকৃতি আছে, তুমি কোনোবা
আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস
আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিণৰ্য় সুত্ৰ |

মৃতম্লান কৃষকৰ সাধনা কঠোৰ
নিৰন্ন, বিমৰ্ষ আৰু ক্লান্ত, শ্ৰান্ত সন্ধিয়াত
দু:চিন্তা দু:সহ হৈ পৰে | মহাজনী অৰ্থনীতি: দৈনন্দিন
লাভ আৰু ক্ষতিৰ গণনা |
পাৰ ভাঙি পানী আহে |
সোঁতৰ চেৱে চেৱে বাঢ়ে, নাচে আৰু হাঁহে |

ক্ৰৰ স্পৰ্শ: ফেনিল উত্তাল তৰঙ্গ ৰাজি,
বুকুৰ সেউজীয়া সপোন টোকে কাঢ়ি লৈ যায়,
বাধা নাই, অবাধে আহিল আৰু গ’ল | তেতিয়া
মই কান্দো, সি আৰু পথাৰেও ইনাই-বিনাই কান্দে |

বিচিত্ৰ অভিব্যক্তি | সন্মিলিত কৃষকৰ সমস্বৰ দৃঢ়কন্ঠ
বিননিত বিদ্ৰোহৰ জাগৰণ আহে | অদ্ভূদয় প্ৰভাতী চেতনা |
অগ্নিদীক্ষা – দ্ৰুত অভিযান, অবিৰাম! অধিকাৰ
সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজ ৰঙা ইতিহাস
লিখা হয় | পৰিবত্তৰ্ন | আৰু
হাল কোৰ-দালৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক
পলাতক-উদ্বাস্তু, মহাজন, পুঁজিপতি, সমস্ত শোষক:
বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে |

সেউজীয়া প্ৰাণৰ পথাৰ
সোনালী ৰূপালী হয়, বাকৰীত সোণগুটি লাগে, নতুন আৰু নতুন…
হে পথাৰ !
হে সৃষ্টি সম্ভৱা বিপুল পথাৰ
তোমাক নমস্কাৰ !

Leave a Reply