ৰত্নকান্ত বৰকাকতী

প্ৰদীপ সি তোমাসাৰ
ঢিমায় ঢুকায়,
বতাহে নুমায়;
মোৰ সি প্ৰদীপ জ্বলে
পলে পলে
তলে তলে
বতাহেহে আহি তাক
দুগুণে জ্বলায় |

তোমালোকে নাম গোৱাঁ
বন্ধা নাম বন্ধা স্বৰে
সাতোদয় একেদৰে
চাপৰি বজাই,
মই গাওঁ নানা স্বৰে
ছন্দে ছন্দে থৰে থৰে
হৃদয়ৰ স্তৰে স্তৰে
হৃদয় সজাই |
তোমাসাৰ নাম সিযে
তোমাসাত বান্ধি-ছাটি
থোৱাতেই থয়,
যিবা আহে যিবা যায়
জিভাতেই ৰয়,
মোৰ সি নামৰ ধ্বনি
ঢুকি আকাশক
তৰাক আকুলি আহি
ফুলৰ মুখত হাঁহি
হিয়া কাঢ়ি লয় |
তোমালোকে পূজা কৰা
এজন, দুজন কিম্বা তিনিজন,
নতুবা তেত্ৰিশ কোটি
ত্ৰিশ কোটি লোকে,
মই পূজোঁ কাৰবাক ক’বকে নোৱাৰোঁ,
এই দেখোঁ, এই নাই, ভূলোক-দ্যুলোকে
নিতে নৱ ৰূপ তাৰ
নিতে অগোচৰ,
বিচাৰি তাকেই বয় চকুলো পলকে
লক্ষ ধাৰে লক্ষ সুঁতি
অলক্ষ্য সাগৰ |

Checked by Prasanta Borah

Leave a Reply