অমানিশা – শৈলধৰ ৰাজখোৱা

শৈলধৰ ৰাজখোৱা || ১৮৯২-১৯৬৮

                অমানিশা
খোপাত পিন্ধিলি তৰা-ফুল তই মুখত বিজুলি-হাঁহি,
ৰিহা-আঁচলত জোনাকী-মুকুতা, আকৌ ওলালি আহি |
ক’লী-মলী আজি ৰমক-জমক নতূন সাজেৰে সাজি,
কোন পিশাচৰ মনৰ কামনা পূৰাবি পিশাচী আজি?

এটি দুটি কৰি তৰা-ফুল দেখোঁ খহালি খোপাৰপৰা?
দীঘল ক’লীয়া চুলিতাৰে ঢাকিলি গোটেই ধৰা |
খন্তেকতে দেখোঁ বিলাসিনী গুচি ধৰিলি ৰাক্ষসী-ৰূপ,
ডাকিনী যোগিনী সহচৰী তোৰ সৱাকে দেখোঁনে খুৱালি থূপ |

নিজান নিতাল প্ৰাণী-জগতত দিবলৈ আহিলি ভাও,
তোক দেখি আজি কুকুৰে ভুকিছে, শিয়ালে কাঢ়িছে ৰাও!
অভিসাৰ আজি নহয় নিশ্চয় মনৰ কামনা তোৰ;
হোৱা হ’লে এনে ভয়ঙ্কৰী বেশ নহ’লহেঁতেন তোৰ!

ক অমানিশা, কাৰ সৰ্ব্বনাশ কৰিব কৰিছ মন,-
কোন দুখুনীৰ একেটি ৰতন হৰিবি বুকুৰ ধন?
কোন পতিপ্ৰাণা সতী তিৰোতাৰ মুচিবি ৰাঙলি ফোঁট,
কোন প্ৰেমিকাৰ স্বামীৰ বুকুত মাৰিব খুজিছ খোঁট?

কোন আজলীক ছলেৰে ভুলাই ক’লীয়া কাছোনে ঢাকি,
দিয়াব খুজিছ ক’ পিশাচিনী, নিজকে নিজেই ফাঁকি!
কোননো সতীৰ অধম পতিক বুকুত সাবটি লৈ
কোন বিলাসিনী নাৰীৰ কাষত গুপুতে আহিবি থৈ?

কোন নিশাচৰে তোৰ আশ্ৰয়ত কাৰ সৰ্ব্বনাশ কৰি,
ক মায়াবিনী, সোণৰ সংসাৰ যাব ছাৰখাৰ কৰি?
কোন লম্পটক আশ্ৰয় যাচিবি, তোৰ আঁচলত ধৰি
কোন অভাগিনী নাৰীৰ সতীত্ব আহিব হৰণ কৰি?

ক অমানিশা, কোন বদনক মেখেলা-আঁৰত লৈ
দেশৰ বুকুত শাল মাৰিবলৈ মানক মতাবি গৈ?
কোন বিভীষণে তোৰ আশ্ৰয়ত নীচ বাসনাৰে গৈ,
ঘৰৰ বাতৰি পৰত জনাই আহিবি নাৰকী হৈ?

পাপী সহচৰী কুলক্ষণী তই সৃষ্টি-পাতনিৰেপৰা,
তোৰযে হূদয় যুগ-যুগান্তৰ ভীষণ-কাহিনী-ভৰা |
তোক দেখি মোৰ বুকু কঁপি যায়, আঁতৰ পিশাচী তই,
ওলালে আগত ঊষাদেৱী মোৰ, লাজত পৰিবি জঁয় |

সতীৰ আগত বিলাসিনী তই নোৱাৰ দেখাব মুখ,
দুৰ্ভগীয়া বিনে নিৰ্বিচাৰে আনে তোৰ আশ্ৰয়ত সুখ |

Leave a Reply