পাষাণ-প্ৰতিমা – শৈলধৰ ৰাজখোৱা

শৈলধৰ ৰাজখোৱা || ১৮৯২-১৯৬৮
                
                পাষাণ-প্ৰতিমা
উঠাঁ হে ফুলৰা, উঠাঁ হে চতলা, উঠাঁ দেৱবালা স্বৰূপ ধৰি,
পূৰ্ণ হ’ল আজি শতেক বছৰ, আৰু কতকাল থাকিব পৰি?
                কোন সৰগৰ পাৰিজাত ফুল
                কাৰনো শাপত হেৰুৱালা কুল
চিৰ অচেতন ফুলৰা চতলা পাষাণ-প্ৰতিমা আপোন ভুলি,
নিফুট সুৰেৰে নিজান থলত চিৰবিষাদৰ ৰাগিণী তুলি?

কুলু কুলু কৰি বইছে লুইত ফুলৰা তোমাৰ চৰণ ধুই,
সতী-পৰশত উখল-মাখল তিনিও কাষকে আৱৰি লই |
                মানাহৰ সউ বালিৰ কাষত,
                ৰূপহী চতলা নিজান বনত,
নিচেই কাষতে সহিব নোৱাৰি ডেকা মানাহৰ লুভীয়া চকু
লাজত ৰাঙলী শ্যামল সাজেৰে ঢাকিলে চতলা উঠন বুকু |

ভণ্ড যোগী সউ গিৰি বাঘবৰ বহিছে ধ্যানত নবহে মন,
সমুখত দুটি ৰূপহী কুমাৰী, চাৰিওকাষৰে নিজান বন!
কাকনো দুষিম, কামিনী-পাশত
                জটীয়া শিৱও পৰিল পাকত!
উঠাঁ যোগীবৰ বীণখনি বাই শুনোৱাঁ পুৰণি পাহৰা কথা,
যুগে যুগে যত অতীত কাহিনী সকলো তোমাৰ মনতে গঁথা |

সেইদিনা দুটি অমৰ-কুমাৰী ফুলৰা চতলা কিশোৰী বালা
বুঢ়া লুইতৰ ৰূপালী বালিত নন্দন বনৰ পাতিলে খেলা!
                নিলগে নিলগে হাদিৰা-চকিত
                অসমৰ শেষ স্বাধীন গাদীত,
অসমৰ শেষ স্বাধীনতা হেতু চন্দ্ৰকান্তসিংহে পাতিলে খেলা;
দেৱবালা বোলে, ‘চাওঁ আজি আমি অসম-বীৰৰ তাণ্ডৱ-লীলা |’

সিদিনা পুৱাতে চকুপানী টুকি উদিলে পূবত ৰাঙলী বেলি,
ধৰে তৰোৱাল শিখ, অসমীয়া, মোগল, পাঠানে সকলো মিলি!
                সহস্ৰ সহস্ৰ পিশাচ মান
                এমুঠি শিখ, এমুঠি পাঠান,
এমুঠি মোগল, কামৰূপী বীৰ, যিবা অৱশেষে অসম-সেনা,
অচল অটল শেষ বাৰলই; পালেহি সমুখ মানৰ সেনা |

গুৰুম গুৰুম ফুটিছে কামান, উঠিছে পৰিছে সহস্ৰ অসি,
নাচ তালে তালে ডাকিনী-যোগিনী, তেজেৰে ৰাঙলী শ্মশান পশি |
                কোন কেনি আছ আজি শেষবাৰ,
                চাই যা ধেমালি অসম-বীৰৰ
মৰিও নমৰে, পৰিও নপৰে, বাণ-ভগদত্ত-চুকাফা-জাত |
গৃহ-বিৱাদত জলাকলা আজি, নহ’লে কোনেনো দিয়েহি হাত?

মতলীয়া আজি কামৰূপী বীৰ, মতলীয়া শিখ, মোগল, পাঠান,
মৃত্যুক সুঁৱৰি সমুখ ৰণত থুকুচি থুকুচি কাটিলে মান |
                বীৰ চৈতন্যৰ ভীম তৰোৱাল,
                তেজেৰে বান্ধিলে হাতত কঁৰাল,
চমকে কৃপাণ, খহি পৰে শিৰ, দেখিলে ফুলৰা কাষতে ৰই,
দুহাতে নাশিলে দানৱ পিশাচ, তথাপি মানৰ নহ’ল ক্ষয় |

চতলা-কাষত কামৰূপী বীৰ উন্নত-শিৰ অক্ষয় অজয়,
অসম-গৌৰৱ বীৰ কৃষ্ণৰামে তেজেৰে বোৱালে ৰাঙলী নই |
                দুয়ো বাই-ভনি ফুলৰা চতলা,
                যতনে গাঁথিলে কুসুমৰ মালা;
দেৱবালা বুজে বীৰৰ আদৰ মনে মনে দুয়ো দুয়োকে নমি,
ফুলাৰ বৰিলে বীৰ চৈতন্যক, চতলা বৰিলে কৃষ্ণক স্বামী |

মৃত্যু-বিজয়ী মোগল, পাঠান, শিখ, কামৰূপ, আহোম বীৰ
দেখে দেৱবালা ফুলৰা চতলা, একে একে সৱে শোধালে শিৰ!
                অৱশেষ দুয়ো বীৰ সেনাপতি,
                অসমৰ শেষ স্বাধীন নৃপতি,
অসমৰ শেষ স্বাধীনতা সহ ভটীয়াই মেলিলে ৰজাৰ নাও |
দুয়ো সেনাপতি আলচি বুলিলে, ‘সমুখ ৰণলে আমিও যাওঁ |’

‘সাক্ষী হ’বাঁ দুয়ো অমৰ-কুমাৰী, বীৰধৰ্ম্ম পালি আহিলো আমি |’
বুলিলা ফুলৰা, বুলিলে চতলা, ‘তোমাক অপেক্ষি থাকিম স্বামী |’
                ’কি ক’লা, সপোন-ৰাণী!
                মৃত্যুমুখী বুলিলা স্বামী?’
বোলে দেৱবালা, ‘বীৰ স্বামী মোৰ, বীৰ বিনে আনে ৰমনী-মোল
নোৱাৰে বুজিব, বৰিলো তোমাক, কৰা নাই প্ৰিয় অকণো ভুল |’

লুইতৰ পানী তেজেৰে ৰাঙলী, দুয়ো মহাবীৰে কৰিলে স্নান;
শোভিলে শিৰত বৰণৰ মালা; এনেতে পালেহি পিশাচ মান |
                জিলিকি উঠিল সহস্ৰ অসি,
                সতী-সমুখত পতিক নাশি
চাপি আহে মান, মাৰ যায় বেলি, ফুলাৰ চতলা থাকিলে চাই
পাপীৰ দৃষ্টিত ত্ৰিদিৱ-বাসিনী চাওঁতে চাওঁতে পাষাণী হই |

সিদিনাৰেপৰা ফুলৰা চতলা শিলাময়ী দুটি অমৰ-বালা,
নিৰলে বিৰাজে নিজান থলত পাহৰি সকলো কিশোৰী-খেলা |
                চকুৰ পানীৰে পথ নেদেখিলো
                নুশুনে বচন কতনো মাতিলো –
উঠাঁ হে ফুলৰা, উঠাঁ হে চতলা, দেৱবালা স্বৰূপ ধৰি,
পূৰ্ণ হ’ল আজি শতকে বছৰ, আৰু কতকাল থাকিবা পৰি?

গিৰিয়ে শুনালে অতীত কাহিনী, লুইতে শুনালে পাহৰা সুৰ,
যিদিনা এৰিলে শিৰৰ মুকুট, বীৰ-প্ৰসবিনী অসমে মোৰ |
                নিজান নিতাল শ্মাশানত পৰি
                সাখী ৰ’ল দুটি অসম-কুমাৰী,
সাখী ৰ’ল এটি সোণোৱালী তৰা নীল আকাশৰ পূৱালী কোণত
সাখী ৰ’ল এটি ৰেখা অসম-সন্তান সৱাৰে প্ৰাণত |

Leave a Reply