ব্ৰহ্মপুত্ৰৰ প্ৰতি – লক্ষ্মীনাথ ফুকন

লক্ষ্মীনাথ ফুকন || ১৮৯৭-

ব্ৰহ্মপুত্ৰৰ প্ৰতি
হে বিশাল ব্ৰহ্মপুত্ৰ, কত শত বৰষৰ কত শত বেদনাৰ কথা
তোমাৰেই অন্তৰত গঁথা,
কত প্ৰাণ মুঞ্জৰিলে তোমাকেই সাক্ষী ৰাখি, কত হিয়া উথলি উঠিলে
লুকুৱালে বিৰহৰ ব্যথা;
জয়-জয়-জয়-ৰৱে দশোদিশ গুলজাৰি বিভৱৰ উৰালে নিছান
কত কিযে গীত হ’ল গান,
সোণোৱালী অতীতৰ পৰাণ পুলক কৰা সুধা-সনা কথাকে সুঁৱৰি
হ’লানেকি তুমি ম্ৰিয়মান?

কুণ্ডিল-কুঁৱৰী সেই কুহকিনী ৰুক্মিণীৰ ৰূপৰাশি যেতিয়া উথলি
আপোনতে পৰিল উচলি,
যেতিয়া মলয়ে দেহি তাৰে একণিকা লই বসন্তক দিলে উপহাৰ,
কুঞ্জবন উঠিলে উজলি;
মধুময় ভঙ্গিমাৰে ললিত হিল্লোল তুলি শুনা গ’ল ৰি-ণি-ণি জি-নি-নি
শ্ৰীকৃষ্ণৰ নুপূৰৰ ধ্বনি,
অশিথিল প্ৰেম-পাশ, নুপূৰেযে হাবিলাস, ৰুক্ষ্মিণীযে আকুল-উদাস,
কত আশ, কত হেন্দোলনি |

টলমল যৌৱনৰ সুকোমল পৰশত উষা হ’ল থউকি-বাথউ
অন্তৰত বাগৰিলে ঢউ,
সপোনত কোনে আহি পিয়লা ভৰাই আনি পিয়ালেহি মোহনমদিৰা
এনে মিঠা এনেনোযে মউ;
শোণিতপুৰৰপৰা বায়ু-বেগে চিত্ৰলেখা পালেগই দ্বাৰকা নগৰী
উষাৰেই কথাকে সুঁৱৰি,
অনিৰুদ্ধ কোঁৱৰক থাপতে উৰাই আনি সখিয়াক দিলে উপহাৰ
নিজৰোযে স্বাৰ্থ পৰিহৰি |

ভগদত্ত নৃপতিয়ে কুৰুক্ষেত্ৰ সমৰত পূৰ্ণ কৰি বীৰৰ ধৰম
ৰাখিলেযে কীৰ্ত্তি অনুপম,
যুঁজি যুঁজি অবিৰল গজ-হস্তী সেনাদল গ’ল লয় হ’ল অন্তৰ্দ্ধান
দেখুৱাই আপোন বিক্ৰম;
বিশ্বজয়ী অৰ্জ্জুনক হেলাৰঙে পৰাজয় চিত্ৰাঙ্গদা-কুমাৰে কৰিলে,
মাতৃ-নিন্দা প্ৰাণে নসহিলে,
বব্ৰুবাহনৰ ধ্বজা আকাশ থাকিল ছুই, পঞ্চ পাণ্ডৱৰ যত গৰ্ব্ব
খহি পৰি মাটিত লুটিলে |

দুপৰ-সুৰুজ দৰে কুমাৰ ভাস্কৰবৰ্ম্মা যেই গই হ’ল প্ৰতিভাত
শিলাদিত্য ৰজাৰ সভাত,
আদৰি কৰিলে মান উদ্দীপ্ত সৱাৰে প্ৰাণ দেখি এনে পুৰুষ প্ৰধান
সুমহান গুণ-গৰিমাত;
হিৱেনাচাঙেও আহি কটালে কতনো দিন কামৰূপ ৰাজ্যত নীৰলে
ৰজাৰে অতিথি হৈ থাকি,
সুৱদি কতনো কথা কই গ’ল লিখি গ’ল বুৰঞ্জীৰ শুকুলা পাতত
সেণোৱালী ছবি দিলে আঁকি |

বামুণৰে চণ্ডালৰে নাই ভেদাভেদ বুলি শ্ৰীমন্ত শঙ্কৰে ৰাগ টানি
প্ৰচাৰিলে বিয়াকুল বাণী,
কবিতাৰ ছন্দে ছন্দে বোৱালে অমৃত-নদী মাধৱদেৱেৰে লগ লাগি
মুগ্ধ কৰি শত শত প্ৰাণী;
বিচিত্ৰ কাহিনী শুনি ভাবতে আপ্লুত হই ভকতিৰ অৰ্ঘ লই ৰ’ল
কোচ ৰজা নৰনাৰায়ণ,
ৰজাৰ দণ্ডিত কিয় প্ৰজাক বিলাব ধৰ্ম্ম, এই বুলি প্ৰজাপৰায়ণ
গুৰুজনে নিদিলে শৰণ |
কামত গাফিলী দেখি হুঙ্কাৰি লাচিত বীৰে ল’লে নিজে তাৰোৱাল খুলি,
নসহিলে মোমায়েক বুলি,
নিমিষতে একেঘাপে তেজেৰে তুংৰলী হই কটা মূৰ উফৰি পৰিল,
সকলোৱে চালে চকু মেলি;
জাগ্ৰত সিংহৰ দৰে যুঁজি মহাপৰাক্ৰমে স্বাধীনতা ৰাখিলে অক্ষুণ্ণ
ঘটুৱাই মোগল-সেনানী,
শৰাইঘাটত উঠা বিজয়-দুন্দভি-ৰোল তাতে শেষ নিঃশ্বাস পেলাই
মহাবীৰে মাগিলে মেলানি |
আপোন প্ৰতিজ্ঞা পালি জয়াই বৰিলে মৃত্যু গদাপাণি কোঁৱৰক স্মৰি
নিতে ন ন শাস্তি সহ্য কৰি,
আঘাতে আঘাতে খহি, লতাডালি গ’ল জহি ছিগি-ভাগি যত ফুল-পাত
পৰি ৰ’ল মাটিতে বাগৰি |
নিদিলেযে তথাপিতো নিদিলেযে প্ৰাণপ্ৰিয় পলৰীয়া স্বামীৰ বাতৰি
ভূলতোযে নক’লে এবাৰ,
নিৰ্জ্জীৱ স্পন্দনহীন লূণ্ঠিত দেহাটি দেখি মূৰ্চ্ছা গ’ল জেৰেঙা পথাৰ
গছে হালি দিলে নমস্কাৰ |

এনে কত গীত-কথা এনে কত কবিতাৰ মূৰ্ত্তিমতী সুৰৰ ঝঙ্কাৰ
উঠিছিল কৰি তোলপাৰ,
আনন্দ-আৱেগে ভৰা উচ্ছ্বাসৰ কলৰোল সকলোটি দিলে লালকাল
আথেবেথে কোলাতে তোমাৰ;
আকাশে-বতাহে মাথোঁ তাৰে এটি হুমুনিয়া তাৰে এটি হাহাকাৰ ধ্বনি
উঠি আজি গুজৰি-গুমৰি;
হে বিশাল ব্ৰহ্মপুত্ৰ, আহিলে বাৰিষা তুমি দশোদিশে তুলি খলকনি
দিয়ানেকি তাৰেই বাতৰি?