ৰত্নকান্ত বৰকাকতী

সৌন্দৰ্য্য*
সৌন্দৰ্য্য অধিক কাৰ?
সমীৰৰ মৃদু হিল্লোলত
কঁপি উঠা বননিৰ
জাতি, জুই, চঁপা, এই
শেৱালি, বকুল
প্ৰসূন-পুঞ্জৰ?
নতু, যুৱকৰ সমুখত
নগৰৰ হৰ্ম্ম্য-শোভা,
উদ্ভিন্ন-যৌৱনা যুৱতীৰ
ভূলুন্ঠিত কেশ-গুচ্ছ
মদন পিছলি পৰা
কামাগ্নিৰ ধূম্ৰ-আৱেগৰ?

দিবিনে উত্তৰ তই,
হেৰ ৰঙা জৱা,
সৌন্দৰ্য্য অধিক কাৰ?
তোৰ ৰঙা মু’খনিত
জ্বলিছে যে ৰূপ-জ্যোতি
তাতেনে সৌন্দৰ্য্য বেছি
উঠিছে বিকশি?

নতু, কামিনীৰ মিলন-আকুল
কামদীপ্ত ৰাঙলী ওঁঠত
দ্বিগুণে জেউতি চৰি
প্ৰেমিকৰ প্ৰতি পৰশত
সৌন্দৰ্যৰ সঁফুৰা বাগৰি
ত্ৰিভুৱন কৰিছে চঞ্চল?

কচোন মালতী, তই
ক, হেৰ, ক,
ক’ত আছে সৌন্দৰ্য্য সৰহ?
সন্ধ্যাৰ খোপাৰপৰা
খহি পৰা এটি
হেঙুলি ৰশ্মিৰ ফুল
কৰে আহি যেৱে
তহঁতক প্ৰণয়-ব্যাকুল,
সৰসিৰ দাপোণত তাৰ
উঠে যেৱে প্ৰতিবিম্ব
ৰক্তভানু আকাশৰ
জ্বলি উঠে তাতে
পূৰ্ণ জ্যোতি অনন্তৰ
ইঙ্গিতেৰে আহা,
স্পৰ্শহীন সৌন্দৰ্য্যৰ
ইন্দ্ৰজাল তৰে,
সৌন্দৰ্য্যৰ পূৰ্ণ ৰাগ
বিৰাজনে তাতে?

নতু, গন্ধৰ্ব্বৰ কন্ঠ-সৃত
সঙ্গীতৰ ধ্বনি স্বৰ্গ মৰ্ত্ত্য
মুগ্ধ কৰি,
মুগ্ধ কৰি য্ক্ষ ৰক্ষ যত
সৌন্দৰ্য্যৰ পৰাকাষ্ঠা
শ্ৰুতিৰ পথেদি
বুকুৰ মাজত পশি
উঠিছে বিকশি
অতিক্ৰমি যতমানে
চকুৱেদি দেখা পোৱা
ৰূপৰ জেউতি?

নতু, নৃত্য-মন্দাকিনী উৰ্ব্বশীৰ
সুৰসড়া সিক্ত কৰি
ধৰিত্ৰীত পৰিছে বাগৰি
ধ্বনি যেন নূপুৰৰ
ৰুণু জুনু ৰুণু জুনু
কম্পিত ই বসন্তৰ
পল্লৰ-মৰ্ম্মৰ
মূক হই ৰ’লি সৱে হায়,
সদ্য-জাত অবাক শিকৰ-দল
যত পুষ্প-প্ৰাণ;
নাই সমিধান |