সূৰ্য্যকুমাৰ ভূঞা || ১৮৯৪-১৯৬৪

সৃষ্টি-পাতনি
সেই প্ৰলয়ৰ দিনা
তুমি প্ৰভু হাতত ল’লা
        তোমাৰ ৰুদ্ৰ-বীণা |
আনন্দময় নাছিল কোনো,
আছিল নিমাত অৰুণ জোনো,
দিগন্তেদি উঠিল জ্বলি
        ভীষণ উদ্দীপনা
যিদিন তুমি হাতত ল’লা
        তোমাৰ ৰুদ্ৰ-বীণা |

চন্দ্ৰ, সি গ’ল কক্ষ এৰি,
শূন্য-গলত জ্যোতিৰ্ম্মালা
        সিদিন দীপ্তিহীনা
যিদিন তুমি হাতত ল’লা
        তোমাৰ ৰুদ্ৰ-বীণা |

আকাশ সি হ’ল ডাৱৰ-ঢকা,
নাছিল ক’তো ভূমিৰ ৰেখা,
সৃষ্টি জুৰি পৰিল ব্যাপি
        দোকোল-ডাকাল পানী,
তাৰ ওপৰে উৰিল প্ৰভু
        তোমাৰ ৰুদ্ৰ-বীণা!

সেই এন্ধাৰত উদিল পুনু
        লক্ষ তৰা,
সেই বিনাশত জন্ম দিলে
        পুষ্প ধৰা,
মুঞ্জৰিলে চিন্তা-লতা
নতুন সুৰৰ নতুন কথা,

বিশ্ব এৰি পৰিল হিয়াত
        নতুন সৃষ্টি-কণা,
সিদিনা তুমি নমাই থ’লা
        তোমাৰ ৰুদ্ৰ-বীণা