Contents


Categories

Authors

Ambikagiri Roy Choudhury (1)
Ananda Chandra Agarwala (1)
Atulchandra Hazarika (1)
Bhaben Barua (1)
Chandra Kumar Agarwala (2)
Debakanta Barua (2)
Durgeswar Sharma (2)
Ganesh Gogoi (1)
Hemchandra Goswami (1)
Hirendra Nath Dutta (1)
Homen Borgohain (1)
Janjegyaswar Sharma (1)
Jatindranath Duara (2)
Jyotiprasad Agarwala (2)
Kamalananda Bhattacharyya (1)
Laxminath Bezbarua (4)
Mahim Bora (1)
Nabakanta Barua (1)
Nalinibala Devi (1)
Parbati Prasad Barua (1)
Ram Gogoi (1)
Sameer Tanti (1)
Sananta Tanti (1)
Srimanta Sankardev (4)
Thaneswar Hazarika (1)

Bihu

চতে গয়ে গয়ে অ শকুন্তলা
বহাগে পালেহি অ শকুন্তলা
ফুলিলে ভেবেলি লতা শকুন্তলা
দুস্মন্তৰ পুতলা
সোনৰে আঙঠি কত হেৰুৱালা

নৈত নৈত নৈত গা ধুতে
অ শকুন্তলা
আঙঠি হেৰালে
অ শকুন্তলা
স্বামীয়ে পেলালে পাহৰি শকুন্তলা
দুস্মন্তৰ পুতলা
সোনৰে আঙঠি কত হেৰুৱালা

—————–

পাহাৰ বগাই বগাই
জান ঐ কপৌ ফুল মই আনিছো
জান ঐ কপৌ ফুল মই আনিছো
জান ঐ নলও বুলি নকবা দেই

বকুল ভৰা ধানৰ
জান ঐ চিৰা খুন্দি আনিছো
জান ঐ চিৰা খুন্দি আনিছো
জান ঐ নাখাও বুলি নকবা দেই

—————–

পৰ্বতে পৰ্বতে বগাব পাৰো মই
বগাব পাৰো মই
লতানো বগাবলৈ টান
বলীয়া হাতীকো বলাব পাৰো মই
বলাব পাৰো মই
তোমাকনো বলাবলৈ টান

—————–

মাৰক ফাকি দি বিহুলৈ আহিলি
বাপেৰক ফাকি দি বিহুলৈ আহিলি
হায় হায় অই নাচনী
চেৰেকী আনোগৈ বুলি

—————–

ৰৈ ৰৈ অতি মইনামতী
তোমালোকৰ ঘৰলৈ
ৰৈ ৰৈ অতি মইনামতী
সদাই যাব পাৰো মই
ৰৈ ৰৈ অতি মইনামতী
যদি দিয়া যদি দিয়া মৰমৰ মাত

ৰৈ ৰৈ অতি মইনামতী
মই যোৱা দেখিলে
ৰৈ ৰৈ অতি মইনামতী
তোমাৰ মাৰা পিতাৰাই
ৰৈ ৰৈ অতি মইনামতী
দিয়ে মূৰে কপালে
দিয়ে মূৰে কপালে হাত

—————–

অ’ সৰুফুল ফুল ফুলি আছে
অ’ সৰুফুল চিঙো চিঙো লাগে
অ’ সৰুফুল চি্ঙিব মই নোৱাৰো
অ’ সৰুফুল মনত বেজাৰ লাগে

—————–

নাচনী ভনীক ঢূলীয়াই মাতি আছে
নেযাওঁ বুলি নকবা বেয়া পাব
চিৰ দিনৰ কাৰনে নেমাতিব

—————–

অতিকৈ চেনেহৰ মুগাৰে মহূৰা
তাতোকৈ চেনেহৰ মাকূ
তাতোকৈ চেনেহৰ বহাগৰ বিহূতি
নেপাতি কেনেকৈ থাকো |

—————–

মাছখোৱা বজাৰত       ছাতিটি কিনিলো
চিচিমুখত বদলি হ’ল,
তোমাক আনিম বুলি     বৰঘৰ সজালো
গৰুবন্ধা গোহালি হ’ল।

—————–

ম’হৰে গোৱালটি        কাতিৰাম ককাইটি
কথালৈ কৰচোন কাণ,
হাতলে গগণা           লৈয়ে আহিবি
ৰাতিবিহু মাৰিবলৈ যাম।

—————–

কঢ়া কুমতীয়া       মধুমতী শিঙিয়া
ভটিয়াই বাসুদেউ পথাৰ,
আজি গধূলিকৈ       যামে তোৰ ঘৰলৈ
পাতিম দীঘলীয়া কথা।

—————–

টকাৰ সৰু সৰু মাত সমনীয়া
টকাৰ সৰু সৰু মাত
ম’হঘূলি চাপৰিত টকাৰ মাত শুনি
এৰি যাওঁ পেটৰে ভাত।

—————–

ম’হঘূলি চাপৰিত     ফাটবিহুতলীত
শুনিলো বিহুৰে উকি,
শালৰে মেলা তাঁত    শালতে এৰিলো
বিহুলৈ আহিলো গুচি।

—————–

ঢাপে ঢাপে চৰিলে      ঢাপলিকা চৰাইটি
বাঘলৈ নকৰে ভয়,
লক্ষীমপুৰ জিলাৰে      সোলেঙী গাভৰু
চেহাবলৈ নকৰে ভয়।

—————–

ঔৰে গছতে       মৌৱে বাহে ল’লে
ককাই পাৰি দিয়া খাওঁ’
বাঁৰে টকাটি      সাজি দিয়া ককাইটি
বিহু মাৰিবৈ যাওঁ।

—————–

আমি অসমীয়া   গাতে মুগা-ৰিহা
খোপাত আমাৰ কপৌফুল,
আমাৰে চিনাকি   ব’হাগৰ বিহুটি
হাততে জেতুকা বোল।

—————–

বিহুৰে বিৰিণা পাতে সমনীয়া
বিহু বিৰিণা পাত
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গলে বিনাবা কাক।

—————–

চকলা টেঙাটি অকলে নাখাবা
আমাকো এচকল দিবা
বিহু মাৰিবলৈ অকলে নাযাবা
ঐ আমাকো লগতে নিবা।

—————–

চিৰিপ চিৰিপ কৰি     কাপোৰ ধুই আছিলো
চিৰি লুইতলৈ চাই,
চিৰি লুইততে         কিৰিলি পাৰিয়ে
চেনাই নাৱে মেলি যায়।

—————–

সুতুলি সুতুলি      মাটিৰে সুতুলি
সুতুলি কিহেৰে বাও,
কঁকালৰ খোচনিত   মাটিৰে সুতুলি
আঙুলি বোলায়ে বাও।

—————–

“আজি গধূলিকৈ যাম ঐ লাহৰী
বাটৰে নঙলা খুলি,
কুকুৰে ভুকিলে তই আহিবি
ক’ত কি দেখিছ বুলি ।”

—————–

“আজি গধূলিকৈ নাহিবি চেনাই ঐ
নোপোৱা পদূলিত মোক ,
পৰহিলৈ গধূলি আহিবা চেনাই ঐ
ফালি যাম বেৰৰে চুক।”

—————–

“হাঁহ হৈ পৰিমগৈ তোমাৰে পুখুৰীত
পাৰ হৈ পৰিমগৈ চালত,
ঘাম হৈ সোমামগৈ তোমাৰে শৰীৰত
মাখি হৈ চুমা দিম গালত।”

—————–

“কিনো খাই পাহৰিম তোকে ঐ লাহৰি
কিনো খাই পাহৰিম তোক,
মিচিকি আহিলে বৰবিহ আনিব
তাকে খাই পাহৰিম তোক ।”

—————–

“বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ প্রাণ,
এনোৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান ।”

—————–

” চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলি লতা,
কৈয়ে থাকো মানে ওৰকে নপৰে
ৰঙালী বিহুৰে কথা ।”

—————–

” বিহু মাৰি থাকিবৰ মনে ঐ লাহৰী
বিহু মাৰি থাকিবৰ মন,
বিহু মাৰি থাকোঁতে পলুৱাই নিনিবি
ভৰিব লাগিব ধন।”

You must be logged in to post a comment.