কমলা কুঁৱৰী

মহিম বৰা

আমি যুগ যুগ ধৰি খান্দিলোঁ আশাৰ পুখুৰী এটি
পাতাল ভেদিলোঁ হঠাতে এদিন পুখুৰীৰ তলি
ভোগৱতী হাঁয় শুকাল কেতিয়া – আমাৰ বন্ধ্যা শ্ৰম
পনীয়া জুইৰ ভুমুকত মাথোঁ পৰিল কোৰৰ চাব !
জ্বলন্ত কল্লোলে ঢালিলে মূহূৰ্ত্তে তোমাৰ ককাল বুকু
অপলক চকু কমলা কুঁৱৰী ঢাকিলে তোমাৰ ডিঙি
তোমাৰ বিননি শুনিবনো কোনে? অন্ধ বধিত ৰজা
কমলা কুঁৱৰী অগ্নিয়ে ৰোধিলে মুখৰ বাণী !
শুকান – পানীৰে ভৰিল মাথোন আমাৰ পুষ্কৰিণী !

Leave a Reply