দুৰ্গেশ্বৰ শৰ্ম্মা
        
        মৰাৰ পিছত
মৰিলে পামনে দেখা তৰা আকাশৰ,
        শস্যেৰে শোভিত বসুন্ধৰা,
বিস্তৃত জগতখনি আকাশে আৱৰা,
        কেউপিনে আনন্দৰে ভৰা ?
পৃথিবীৰ গাত গজা কোমল বনত
        পৰি থকা কোমল নিয়ৰ,
মৰিলে পামনে দেখা বায়ুৰ মাজত
        গহীন চলন ডাৱৰৰ ?
কাণেৰে শুনিম জানো প্ৰকৃতিত বজা
        শান্তিময় মোহিনী সঙ্গীত,
ডালত জিলীয়ে গোৱা মধুৰ মাতেৰে
        বিভুৰ যশস্যা পৃথিৱীত ?
মৰিলে কাণত যদি একোকে নেবাজে,        
        একো ছঁয়া নপৰে চকুত,
হৃদয়ৰ ভাব তাপ,সিও যদি যায়
        সুখ তেন্তে নাই মৰণত ৷

Leave a Reply