ৰঙ্গিলা – দুৰ্গেশ্বৰ শৰ্ম্মা

দুৰ্গেশ্বৰ শৰ্ম্মা
        ৰঙ্গিলা
‘কেলেইনো আই, তই হুমুনিয়া কাঢ়ি
        চকু-পানী ৰিহাৰে মচিলি,
নাই তাত আন একো, কলপুলি এটি,
        তাকে দেখি কিয়নো কান্দিলি ?’

ৰঙ্গিলাই এইদৰে মাকক ক’লত
        কান্দি কান্দি মাকে দিলে মাত
‘বহু দিন হই গ’ল তোৰ ককায়েৰে
        ঠাই আহি ল’লেহি ইয়াত ৷’

‘তেতিয়া আছিলি তই নিচেই কেঁচুৱা,
        ককায়েৰ সাত-বছৰীয়া,
দুদিন জ্বৰতে হায়, প্ৰাণ-বায়ু এৰি
        হ’ল আহি অকলশৰীয়া ৷’

‘তই ওপজোঁতে তাৰ অপাৰ সন্তোষ,
        থাকে বহি তোৰোচৰতে’,
তই যদি কেতিয়াবা কান্দিবি-কাটিবি,
        পৰে আহি তোৰ ওপৰতে !’

‘জ্বৰ পৰি থাকোঁতেও তোৰ কথা সোধে,
        কাষলই নিদিয়ে আনিব,
থয় তোক নিলগত, জানো কিবা ৰূপে
        সেই জ্বৰ তোৰ গাত হ’ব ৷’

‘জ্বৰৰ গাৰেই মোক কে’বাবাৰো ক’লে
        পুতলা কেউটা থ,বলই
“যেতিয়া ডাঙৰ হ,ব ভনীটীক মোৰ
        ৰঙ্গ মনে মই দিবলই ৷”

‘নেপালে সোণায়ে মোৰ তোক দিবলই
        কোনো বস্ত তাৰ আশা কৰা,
তোক এৰি চিৰকাল মোক কন্দুৱাই
        আঁতৰিল পৃথিৱীৰপৰা ৷’

‘ইয়াতে পেলালে পুৰি ছাই হই গ’ল,
        ক’তো তাৰ চিন-চাব নাই,
গজি থকা কলপুলি দেখি আজি মোৰ
        চকু-পানী আহিছে ওলাই !’

কথা শুনি ৰঙ্গিলাই অতি বেজাৰেৰে
        হুৰা’-ৰাৱে লাগিল কান্দিব,
কতনো বুজালে আৰু কত কথা ক’লে,
        নোৱাৰিলে মাকে নিচুকাব ৷

কান্দি কান্দি ৰঙ্গিলাই মাকক্ সুধিলে
        ‘চাওঁ যদি খানি এই ঠাই,
পামনে চকুৰে দেখা যাৰ মৰমৰ
        আজি আৰু একো চিন নাই ?’

মাকে ক’লে-‘আই, তই কেলেই কান্দিছ,
        দেখা পাবি এঙাৰ এগাল,
নেদেখিলি, কি কৰিবি, কান্দিলে নেপাৱ
        দেখা তোৰ নাছিল কপাল ৷’

ৰঙ্গিলাই কথা শুনি দুগুণে কান্দিলে
        চকু-লোৰে পৃথিৱী তিয়াই
মাতৃৰ হিয়াৰ তাপ দুগুণে জলালে,
        ভ্ৰাতৃ-স্বেহ কেনে দেখুৱাই ৷

Leave a Reply