লক্ষ্মীনাথ ফুকন || ১৮৯৭-

সাক্ষী
দেখা পাই কিয়বা লুকালা,
মণিটিযে সুলকি পৰিল?
আঁচলৰ আগটিতে লাগি
ফুলৰোষে পাহিটি সৰিল |

নেভাবিৱাঁ তুমি গুচি গ’লে
চিন তাৰ একো নেথাকিব;
তুমি আজি আহিছিলা বুলি
কেৱে তাৰ প্ৰমাণ নিদিব |

এতিয়াও দুবৰি-ডৰাত
পৰি আছে চৰণৰ চাব;
এতিয়াও পখিলা-শাৰীৰ
কিবা এটি আমোলন ভাব |

এতিয়াও গছৰ পাতত
লাগি আছে উশাহ তোমাৰ;
এতিয়াও তোমাৰ সুৱাসে
মলয়ক দিছে সুধা-ধাৰ |

এতিয়াও লাজুকী বনৰ
গুচা নাই কুঁচি-মুচি ভাও;
এতিয়াও মউ-মাখিবোৰে
কাঢ়িয়ে ফুৰিছে হামৰাও |

এতিয়াও তোমাৰ গানৰ
হোৱা নাই প্ৰতিধ্বনি শেষ;
এতিয়াও নীৰলে পখীটি
গীত এৰি তন্দ্ৰাতে আৱেশ |

কেনিবাদি তৰাটিয়ে আজি
ইয়াতেহে আছেহি লুকাই;
তোমাৰেহে বাতৰি প্ৰচাৰি
আকাশত জলিব দুনাই |

Checked by Prasanta Borah

Leave a Reply