গিৰি-মল্লিকা – ৰঘুনাথ চৌধাৰী

গিৰি-মল্লিকা
অয়ি অনৱগুণ্ঠিতা ফুল্ল শিখৰিণী
ৰঞ্জি মণিকৰ্ণিকাৰ হৰিত মেখলা
আছা শোভি শুভ্ৰবেশে ৷কৰি সুৰভিত
লৌহিত্যৰ তীৰ-ভূমি শ্যামল বননি
নন্দনৰ ৰূপ-জ্যোতি পৰিমল সুধা,
কৰি আহৰণ বিশ্ব-বিজয়িনী ৰূপে
মোহিলা নিতম্ব-দেশ বিজন প্ৰান্তৰ ৷
বনস্পতি দ্ৰুমদলে নৱ পল্লৱেৰে
জনাইছে হৃদয়ৰ গুপ্ত সম্ভাষণ !
স্তোকনম্ৰা লতিকাৰ কুঞ্জ পল্লৱত
উঠিছে উঠলি যেন প্ৰেমৰ তৰঙ্গ ৷
প্ৰিয়া, তুমি ঢালিলা কি মোহন মদিৰা
হাঁহি কটাক্ষৰ ! যি হাঁহিত বনে বনে,
হৰিত ক্ষেত্ৰত, তৰু তৃণ লতিকাৰো
ভাগিল চমক ৷ ঠায়ে ঠায়ে বিধে বিধে
ফুলিল ৰঙেৰে কূটজ-কুটমল-ৰাজি ৷
দ্ৰোণিজাত শুভ্ৰকান্তি ফুল্ল দ্ৰোণীদলে
প্ৰীতি ভৰা লাজাঞ্জলি যাচিছে সাদৰে ৷
দেৱ-তৰুসকলৰ মুকুল পৰাগ,
উৰি আহি পৱনৰ মৃদুল গতিত,
সুকোমল গৌৰ তনু পেলাইছে জুৰ ৷
ৰঞ্জিত তুষাৰ-শুভ্ৰ নিমজ গালত
সুৰভি কুঙ্কুম ৰাগ ৰক্ত চন্দনৰ ৷
শেষাদ্ৰি শিখৰ যেৱে ৰঞ্জি সন্ধ্যা-ৰাগে
সুখেৰে বিশ্ৰাম লভে সান্ধ্য নভোমণি ৷
বিবুধ-বনিতাসৱে সিঞ্চি নভো-ৰেণু
দিছেহি পিন্ধাই মুক্তাহাৰ আভৰণ
কৌমুদী-প্লাৱিত তৱ কোমল বুকুত ;
যেতিয়া জোনালী নিশা মধু পূৰ্ণিমাৰ
হয় সুধা-ধৱলিত নীলিম আকাশ,
সপ্তস্বৰে সমকণ্ঠে কেতেকী অপ্সৰী
ঢালি দিয়ে ক্ষীৰধাৰা ৷ ৰস-ভঙ্গিমাত
ভৰি উঠে যেন তৱ পল্লৱিত বুকু ;
নন্দন-নন্দিতা তুমি দেৱ পাৰিজাত
যাৰ গন্ধ মদিৰাত মুগ্ধ দেৱপুৰী ৷
নেজানো অপ্সৰী বেশে কোন দেৱতাৰ
আছিলা হৃদয়-ৰাণী আলাসৰ লাৰু !
মদনৰ কামশৰ আছিলানে প্ৰিয়া,
গিৰি কৈলাসত ; যিদিনা মোহিনীৰূপ
ধৰিছিলা ধূৰ্জ্জটিৰ ধ্যানভঙ্গ হেতু !
কোপ-অনলত পৰি শাপভ্ৰষ্টা হই!
ভ্ৰমিছানে কি দেৱী শৈল-শিখৰত ?
দেৱভোগ্য উপভোগ তিয়াগি সকলো
হ’লা চিৰ-নিৰ্ব্বাসিত চিৰদিনলই ৷
আছিলা তুমিযে প্ৰিয়াৰ ঋষি-আশ্ৰমত
ফুলৰ কুঁৱৰী সাজি পুষ্প-উপবন
কৰি জাতিষ্কাৰ ৷ প্ৰভাতৰ সমীৰণে
কত খেলা খেলি থাকে তোমাৰ লগত ;
যেতিয়া পিছলি পৰে মৃদু হিল্লোলত
বুকুৰ আঁচল ৷ লাজতেই কুঁচি-মুচি
তলমূৰ কৰি কোন ঋষি-তনয়ক
যাচিছিলা যৌৱনৰ সৌন্দৰ্য্য-মাধুৰী ৷
নিদাঘৰ দহনত দুখ পোৱা বুলি
আল ধৰিছিল কোন তাপস-কুমাৰী !
মলচি দিছিল গাৱ কোমল হাতেৰে !
পুণ্যতোয়া মালিনীৰ শীতল জলেৰে ৷
প্ৰাণপ্ৰিয়, আজি মোৰ বিজন কুঞ্জত
তুলিবানে লয়লাসে হাঁহিৰ তৰঙ্গ ?
ব্যথাৰে উপচি পৰা আকুল প্ৰাণত
দিয়াঁ প্ৰেম-মকৰন্দ অমৃত-পৰশ ;
অকৃতিম প্ৰণয়ৰ স্নেহ আলিঙ্গন
নিস্প্ৰভ ফুলনি মোৰ হক জ্যোতিৰ্স্ময় ৷

Leave a Reply