ফুল-শয্যা – ৰঘুনাথ চৌধাৰী

ৰঘুনাথ চৌধাৰী
        ফুল-শয্যা
আৰুনো কিমান দিয়া বেদনাৰ্ বোজা,
        হে মোৰ হৃদয়-দেৱতা ?
কৰুণ ৰোদন তুলি ভাঙি দিলা কিয়
        প্ৰাণৰ নিবিড় নীৰৱতা ?

জীৱনৰ সন্ধিক্ষণ বিয়লি বেলাত
        হিয়া ধুনি উঠে কোলাহল ;
আৰু কিয় তিক্ত ব্যথা ৰিক্ত হৃদয়ত
        ঢালি দিলা তীব্ৰ হলাহল ?

কোন কাহানিয়ে তুমি হৰি নিছা মোৰ
        প্ৰীতিভৰা প্ৰণয়ৰ লাৰু,
অন্তৰ্দ্দাহী ৰাৱণৰ চিতা-জুইকুৰা
        কোনদিনা নুমাবনো আৰু ?

আনন্দৰ পূৰ্ণপাত্ৰ শূন্য আজি মোৰ
        কেউপিনে দেখোঁ হাহাকাৰ-
দাবাগ্নিৰ দহনত দেৱদাৰু তৰু
        পুৰি-দেই হ’ল ছাৰখাৰ !

মাৰিছিলা শক্তি-শেল তাহানি যিপাত
        যোৱা নাই হি বিষ জামৰি,
বেদনাৰ য্ত অস্ত্ৰ কৰিছা প্ৰয়োগ
        বুকু পাতি লইছো সামৰি ৷

হিয়া ভগা বিষাদৰ তিতি অশ্ৰু-জলে
        পাহৰিছো সংসাৰ-মৰম ;
ভাৰাক্ৰান্ত চিত্ত আজি উদ্বেলিত কৰি
        কিবা সুখ পালা প্ৰিয়তম ?

মৰহিছে জীৱৰ দুৰ্লভ মাধুৰী
        নোৱাৰিলো আকাঙ্ক্ষা পূৰাব ;
আহিছে প্ৰাণত আজি ক্লান্তি-অৱসাদ
        দিয়াঁ মোক শান্তিৰে জুৰাব ৷

যাতনাত নিপীড়িত ওৰে জীৱনত
        কঢ়িয়ালো যত আৱৰ্জ্জনা,
তোমাৰেই অৱদান বুকুত সাবটি
        অন্তিমত লভিম সান্ত্বনা ৷

জ্বলিছে দূৰত সউ প্ৰলয়ৰ শিখা,
        ধৰিছে কি ৰূপ বিতোপন,
সেয়ে মোৰ ফুল-শয্যা ৰক্ত কমলৰ,
        ল’ম তাতে অনন্ত শয়ন ৷

Leave a Reply